Monday, November 10, 2014

ব্যস্ততা - ব্যস্ততাৰ অজুহাত দেখুৱাই চেনেহৰ বান্ধোন চিঙে তেওঁ ৷ তেওঁ অসুখী ৷ দুৰৈৰ পৰাই প্ৰত্যক্ষ কৰোঁ মোৰ শব্দই আঙুলি মেলি চুই চোৱা তেওঁৰ সিক্ত দুগাল ৷ তেওঁ অবুজন ৷ দুৰৈৰ পৰাই প্ৰত্যক্ষ কৰোঁ উভতি অহা মোৰ উপেক্ষিত শব্দবোৰ , আৰু সেই শব্দৰ বাউসিত ধৰি আগবঢ়া হাজাৰ প্ৰশ্নবোধক চিন! সিহঁতক বুজনি দিয়াৰ মোৰ বৃথা চেষ্টাই মোকো কৰি তোলে পলৰীয়া ৷ মই অনুতপ্ত অথচ নিৰুপাই ৷ আঁতৰি আহিলো মইয়ো ব্যস্ততাৰ অজুহাত দেখুৱাই ৷
মেঘৰ গাজনিত ভাঁঙি পৰা নিশাটোৰ এন্ধাৰখিনি যেন তাইৰ বুকুতহে সোমালেগৈ ৷ ডোখৰ ডোখৰকৈ সৰি পৰিল ডাৱৰ ৷ সেমেকিয়েই থাকিল গাৰুটো ৷ বেৰৰ জলঙাৰে ৰ'দজাক সোমাই নহালৈ ...