ব্যস্ততা -
ব্যস্ততাৰ অজুহাত দেখুৱাই
চেনেহৰ বান্ধোন চিঙে তেওঁ ৷
তেওঁ অসুখী ৷
দুৰৈৰ পৰাই প্ৰত্যক্ষ কৰোঁ
মোৰ শব্দই আঙুলি মেলি চুই চোৱা
তেওঁৰ সিক্ত দুগাল ৷
তেওঁ অবুজন ৷
দুৰৈৰ পৰাই প্ৰত্যক্ষ কৰোঁ
উভতি অহা
মোৰ উপেক্ষিত শব্দবোৰ ,
আৰু সেই শব্দৰ বাউসিত ধৰি আগবঢ়া হাজাৰ প্ৰশ্নবোধক চিন!
সিহঁতক বুজনি দিয়াৰ
মোৰ বৃথা চেষ্টাই
মোকো কৰি তোলে পলৰীয়া ৷
মই অনুতপ্ত
অথচ নিৰুপাই ৷
আঁতৰি আহিলো মইয়ো
ব্যস্ততাৰ অজুহাত দেখুৱাই ৷
No comments:
Post a Comment